September 17, 2026 12:47 PM
7
দেশত চিতা বাঘৰ সংখ্যা ৫২ লৈ বৃদ্ধি
দেশত চিতা বাঘৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। সম্প্ৰতি কুনো ৰাষ্ট্ৰীয় উদ্যানত ৪৯ টা আৰু গান্ধী সাগৰ অভয়াৰণ্যত তিনিটা চিতা বাঘ আছে। ইয়াৰে ভিতৰত ৩২ টা চিতা বাঘৰ জন্ম ভাৰততে হৈছে। ২০২২ চনৰ ১৭ ছেপ্তেম্বৰৰ পৰা চলিত বৰ্ষৰ ১৭ ছেপ্তেম্বৰলৈ চিতা বাঘৰ স্থিতি সমীক্ষাৰ তথ্যত এই কথা পোহৰলৈ আহিছে। উল্লেখযোগ্য যে, চাৰি বছৰ পূৰ্বে নামিবিয়া, দক্ষিণ আফ্ৰিকা আৰু বোট্ছানাৰ পৰা কেইবাটাও চিতা বাঘ ভাৰতলৈ অনা হৈছিল।