December 9, 2024 2:47 PM

views 79

হংকঙত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলৰ কলম্বিয়াক ২-১৩ পৰাস্ত

চীনৰ হংকঙত অনুষ্ঠিত বিশ্ব স্কোৱাচ দলীয় চেম্পিয়নশ্বিপ ২০২৪ৰ গ্ৰুপ চিৰ নিজৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটোৱে কলম্বিয়াক ২-১৩ পৰাস্ত কৰে। দলটো আজি বিয়লি ৩ বজাত আন এখন খেলত বেলজিয়ামৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে, হংকঙে এইবাৰ প্ৰথমবাৰৰ বাবে আয়োজকৰ দায়িত্ব পালন কৰিছে আৰু প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণত পুৰুষ আৰু মহিলাৰ প্ৰতিযোগিতাসমূহ একেলগে অনুষ্ঠিত হৈছে।

September 13, 2024 12:37 PM

views 70

লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে নিয়ন্ত্ৰণ ৰেখাৰ বাকী এলেকাসমূহৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি অহাৰ প্ৰয়াসৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ পোলিত ব্যুৰোৰ সদস্য তথা কেন্দ্ৰীয় বিদেশ পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়িৰ মাজত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত হোৱা বৈঠকত এই বিষয়ত সহমত গঢ়ি উঠে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সুৰক্ষা বিষয়ৰ বাবে দায়িত্বত থকা উচ্চ পৰ্যায়ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে এই...

August 30, 2024 8:00 PM

views 70

সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ ভাৰত আৰু চীনৰ

ভাৰত আৰু চীনে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক হোৱাৰ বাবে শান্তি প্রতিষ্ঠা তথা বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা অর্থাৎ এল এ চিৰ গুৰুত্ব দিয়াটো প্রাথমিক প্রয়োজন বুলি দোহাৰে। উল্লেখযোগ্য যে বেইজিঙত অনুষ্ঠিত ভাৰত-চীন সীমান্ত পৰিক্ৰমা সন্দৰ্ভত পৰামৰ্শ আৰু সমন্বয় সম্পৰ্কীয় কার্যতন্ত্ৰৰ ৩১সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পূব এছিয়াৰ যুটিয়া সচিব গৌৰাঙ্গলাল দাসে ভাৰতীয় প্ৰতিনিধিসকলৰ নেতৃত্ব দিয়ে।...

August 1, 2024 8:25 PM

views 58

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহ...

July 4, 2024 2:45 PM

views 70

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগবঢ়ায়। ড০ জয়শংকৰে কয় যে, প্রকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিৰ প্ৰতি সন্মান ৰাখি সীমান্ত অঞ্চলৰ শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাটো অতি প্রয়োজন। তেওঁ কয় যে, ভাৰত-চীন দ্বিপাক্ষিক বান্ধোন, তিনিটা পাৰস্পৰিক...

May 3, 2024 12:35 PM

views 52

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত এমাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ পাছত কালি পুৱা এই ঘটনা সংঘটিত হয়। এক্সপ্ৰেছৱে’ খহি পৰাৰ ফলত ২০খনতকৈও অধিক বাহন পাহাৰৰ পৰা তললৈ বাগৰি পৰে। বাতৰি অনুসৰি বাগৰি পৰাৰ পাছতে বাহনসমূহক জুয়ে আগুৰি ধৰে। ঘটনাৰ ফ...

April 9, 2024 12:12 PM

views 82

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ'ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্রীকান্ত ইণ্ডোনেছিয়াৰ এনথনী গিংটিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত শীৰ্ষ বাছনিপ্ৰাপ্ত ছি য়ু কীৰ মুখামুখি হ'ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু ৰাজাৱাটে মালয়েছিয়াৰ...

April 2, 2024 7:18 PM

views 79

চীনে অৰুণাচলৰ বহু ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতৰ গৰিহণা

♦ চীনে অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতে গৰিহণা দিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছে যে, এনেধৰণৰ মনেসজা নামে অৰুণাচল প্ৰদেশৰ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈও অভিন্ন অংগ হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। Read More News :  ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ  অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক  চীনে বাৰে বাবে নাম...