July 23, 2026 12:20 PM

views 13

ভাৰতৰ পি ভি সিন্ধু, আয়ুষ ছেটী আৰু লক্ষ্য সেনে চাইনা অ’পেন বেডমিন্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ পি ভি সিন্ধু, আয়ুষ ছেটী আৰু লক্ষ্য সেনে চাইনা অ'পেন বেডমিন্টন প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। দেশৰ হৈ অলিম্পিকত দুবাৰকৈ পদক অর্জন কৰা পি ভি সিন্ধুৱে মহিলাৰ ছিংগলছত সতীর্থ খেলুৱৈ উন্নতি হুদাক ২১-১৪, ৯-২১, ২১-১০ৰ ফলাফলত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছত আয়ুষ ছেটায়ে ইণ্ডোনেছিয়াৰ আল্বি ফাৰহানক ২১-১৭, ৫-২১, ২১-১৭ৰ ফলাফলত পৰাজিত কৰে। পুৰুষৰ ছিংগলছৰ আন এখন খেলত ভাৰতৰ লক্ষ্য সেনে জাপানৰ য়ুশ্বি টানাকাক ২২-২০, ১৫-২১, ২১-১৪ ফলাফলত পৰাস্ত কৰে।