November 22, 2024 11:57 AM

views 18

চাইনা মাষ্টাৰ্ছ প্রতিযোগিতাত আজি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতৰ লক্ষ্য সেন

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন আজি চলিত বৰ্ষৰ চাইনা মাষ্টাৰ্ছ প্রতিযোগিতাৰ শ্বেনজেনত হ'বলগীয়া পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰছ এণ্টনছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি ডেনমার্কৰ ৰাছমাছ গেমকেক ২১-১৬, ২১-১৮ গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত ভাৰতৰ আগশাৰীৰ যুটি চিৰাগ শ্বেট্টী আৰু সাত্বিকচাইৰাজ ৰণকিৰেড্ডী কোৱাৰ্টাৰ ফাইনেলত ডেনমার্কৰ কিম এষ্ট্ৰুপ আৰু এণ্ডাৰছ স্কাৰূপ ৰাছমুচেন...