July 23, 2024 10:32 AM

views 50

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত ১৪ জন লোকৰ মৃত্যু

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষই কালি সন্ধিয়া প্ৰকাশ কৰা অনুসৰি এইপর্যন্ত ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। যোৱা শনিবাৰে পুৱতি নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই আকস্মিক বানৰ সৃষ্টি হয়। বানত হনয়ুৱান কাউণ্টিৰ শ্বিহুৱা গাঁৱত ৪০টাৰো অধিক বাসগৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।