January 19, 2026 12:06 PM

views 23

চিলিৰ মধ্য আৰু দক্ষিণ অঞ্চলত সংঘটিত বন জুইৰ ফলত কমেও ১৮ জন লোক নিহত

চিলিৰ মধ্য আৰু দক্ষিণ অঞ্চলত কালি সংঘটিত বন জুইৰ ফলত কমেও ১৮ জন লোক নিহত হয়। এই বনজুইত এহেজাৰ একৰ বনভূমি জাহ যোৱাৰ লগতে ভালেসংখ্যক বাসগৃহ ভস্মীভূত হয়। চিলিৰ ৰাষ্ট্ৰপতি গেব্রিয়েল বৰিকে ৰাজধানী ছেন্টিয়াগোৰ পৰা ৫০০ কিলোমিটাৰ দক্ষিণৰ মধ্য বায়'বিয় অঞ্চলত আৰু কাষৰীয়া নূবল অঞ্চলত জৰুৰীকালীন অবস্থা ঘোষণা কৰিছে। চিলিৰ নিৰাপত্তা মন্ত্রী লুইচ কাৰ্ডৰোই কয়, যে এই জৰুৰীকালীন অবস্থা ঘোষণাৰ ফলত অঞ্চলটোত থকা ৫০ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱাটো সম্ভৱ হ'ব। ৰাষ্ট্ৰপতি বৰিকে সামাজিক মাধ্যম এক্স হেন্ডেলত এই বনজু...