November 14, 2025 12:07 PM

views 48

শিশু দিৱস উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্রধানমন্ত্রী পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্ম বার্ষিকীত গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা শুভেচ্ছা বার্তাত ড০ শর্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্রিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে।

November 14, 2024 12:41 PM

views 49

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়৷ এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। অসম বুক অৱ ৰেকৰ্ডছৰ ব্যৱস্থাপনাত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ১৫৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত ১৫০ ফুট দৈৰ্ঘ্যৰ চিত্ৰপটত অসমৰ লোক-সংস্কৃতি বাদ্যযন্ত্ৰ আৰু অসমৰ জনগোষ্ঠীয় লোকনৃত্যৰ বিষয়ত চিত্র অংকনৰ আয়োজন কৰা হৈছে। প্রধ...

November 14, 2024 12:25 PM

views 58

আজি শিশু দিৱস

আজি শিশু দিৱস। দেশৰ প্ৰথম প্ৰধানমন্ত্রী পণ্ডিত জৱহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি গোৱালপাৰা জিলাতো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ত সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। আনহাতে শিশু দিৱসৰ লগত সংগতি ৰাখি অসম বুক অৱ ৰেকৰ্ডছৰ ব্যৱস্থাপনাত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ খেলপথাৰত ১৫৩গৰাকী ছাত্ৰ-ছাত্ৰীৰ সহযোগত ১৫০ ফুট দৈৰ্ঘ্যৰ চিত্ৰপটত অসমৰ লোক-সংস্কৃতি বাদ্যযন্ত্ৰ আৰু অসমৰ জনগ...