July 11, 2025 10:57 AM

views 85

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ‘গুৱাহাটী শিশু মহোৎসৱ’

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গুৱাহাটী শিশু মহোৎসৱত পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক সিজাৰ বাক্সি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰী বাক্সিয়ে কয়, যে শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী। গ্রন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান ভৱিষ্যতৰ বাবে সুফলদায়ক হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ড০ শান্তনু তামুলীয়ে কয়, যে শিশুসকল একোটা ফুলৰ কলি...

July 8, 2025 8:09 PM

views 53

গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন

অসম প্ৰকাশন পৰিষদে পৰহিলৈৰ পৰা ২০ জুলাইলৈকে গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত শিশু গ্রন্থমেলা, সাংস্কৃতিক প্রতিযোগিতাকে ধৰি কেইবাটাও কার্যসূচী থাকিব। মহোৎসৱত প্ৰৱেশ সম্পূৰ্ণৰূপে বিনামূলীয়া কৰা হৈছে বুলি প্ৰকাশন পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মহোৎসৱৰ সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ অভিভাৱকসকলক নিজৰ সন্তানক জ্ঞান আৰু সৃষ্টিৰ এই আনন্দময় মহোৎসৱত অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ আহ্...