October 30, 2024 9:14 PM

views 30

দীঘলীপুখুৰীপাৰৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণ সম্পর্কে প্ৰতিবেদন দাখিল কৰিবলৈ লোক নিৰ্মাণ পথ বিভাগক মুখ্য সচিবৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দীঘলীপুখুৰীৰ পশ্চিম আৰু পূব পাৰৰ পথ দুটা ব্যৱহাৰ নকৰাকৈ জি এন বি পথত উৰণ সেতু নিৰ্মাণৰ বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবী কোটা আজি লোক নিৰ্মাণ পথ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন আলোচনাত মিলিত হয়। এই বৈঠকত দীঘলীপুখুৰীৰ আশে-পাশে থকা ঐতিহ্য বহনকাৰী গছসমূহ নকটাকৈ তথা জি এন বি পথৰ প্ৰস্তাৱিত উৰণ সেতুৰ যান-বাহনৰ চলাচল সম্পর্কে বিস্তৃতভাৱে উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্য সচিবগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। অহা এসপ্তাহৰ ভিতৰ...