August 24, 2025 7:41 PM

views 41

মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮,৩৭০গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৮ হাজাৰ ৩৭০ গৰাকী সদস্যাৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্রীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ ৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'ব ...