June 29, 2024 9:00 PM

views 39

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰেঃ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়

ন্যায়াধীশসকলে সংবিধানৰ মতে কাম কৰাৰ লগতে সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ মতামত গঠন কৰিব নোৱাৰে বুলি আজি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে দেশৰ জনসাধাৰণে আদালতক মন্দিৰ হিচাপে গণ্য কৰে। সেয়েহে গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশসকল সংবেদনশীল আৰু সহানুভূতিশীল হ'ব লাগে বুলি তেওঁ কয়। কলকাতা উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্বনৰ পুথিভঁৰালৰ দ্বিশতবার্ষিকী উপলক্ষে আয়োজিত এটি বিশেষ অনুষ্ঠানত অংশ লৈ তেওঁ ন্যায়াধীশসকলক জনসাধাৰণৰ সেৱক বুলি অভিহিত কৰে। গোচৰৰ শুনানিৰ সময়ত অপৰাধৰ ব...