December 29, 2024 8:43 PM

views 21

চত্তিশগড়ত আয়োজিত বাষ্টাৰ অলিম্পিকত ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈৰ অংশগ্ৰহণ

এসময়ত মাওবাদী অধ্যুষিত এলেকা হিচাপে জনাজাত চত্তিশগড়ৰ বাষ্টাৰত আয়োজিত অলিম্পিকত বাষ্টাৰ খণ্ডৰ সাতোখন জিলাৰ ১ লাখ ৬০ হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই খেলুৱৈসকলে বিভিন্ন শিতানত প্ৰতিভা প্ৰদৰ্শন কৰিছে। যোৱা ১৫ ডিচেম্বৰত জগদলপুৰত বাষ্টাৰ অলিম্পিকৰ সামৰণি পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অলিম্পিকে বাষ্টাৰ অঞ্চলৰ যুৱ চাম বিশেষকৈ জনজাতীয় যুৱ চামৰ মাজলৈ শক্তি, উৎসাহ আৰু আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে। এই অনুষ্ঠানৰ জৰিয়তে বাষ্টাৰৰ যুৱচামৰ নতুন ভাৰত ন...