September 21, 2026 8:32 PM
10
মহানদীৰ পানীৰ বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ’ব বুলি চত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাইৰ মন্তব্য
মহানদীৰ পানীৰ বিতৰণ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি চত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাইয়ে প্রকাশ কৰিছে। তেওঁ কয় যে চত্তিশগড় আৰু ওডিশা দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ ক্ষমতাত আছে লগতে কেন্দ্ৰতো এন ডি এ চৰকাৰ থকাৰ বাবে এই সমস্যা সহজে সমাধান কৰিব পৰা যাব। ২০১৮ চনৰ পৰা মহানদীৰ জল বিবাদ ন্যায়ালয়ত বিচৰাধীন হৈ আছিল যদিও বর্তমান কেন্দ্রীয় জল আয়োগলৈ সমস্যাটো প্ৰেৰণ কৰা হৈছে। বিগত কেইমাহত দুয়োখন ৰাজ্যই আলোচনাৰ জৰিয়তে মহানদীৰ পানীৰ সমস্যা সমাধানৰ ইচ্ছা প্ৰকাশ কৰিছে।