November 16, 2026 10:12 AM
3
ষট পূজা মহাপৰ্বৰ ঊষা অর্ঘ্য প্রদানেৰে সামৰণি
সূর্য দেৱতাৰ উপাসনাৰ বাবে সমর্পিত চাৰিদিনীয়া ষট পূজা মহাপৰ্বৰ আজি ঊষা অর্ঘ্য অর্থাৎ উদিত সূৰ্যক অ্য প্রদানেৰে সামৰণি পৰিব। আজি অন্তিম দিনা ভক্তসকলে নিচেই পুরাতে উদিত সূর্যক পূজা-অৰ্চনা কৰাৰ লগতে জল তর্পণ কৰে। এই পৰ্বৰ সামৰণিৰ পাছত তেওঁলোকে প্রসাদ গ্রহণ কৰি ব্ৰত ভংগ কৰে। ধর্মীয় বিশ্বাস অনুসৰি সঁচা ভক্তিৰে ষট পূজা পালন কৰা ভক্তসকলে ষঠী মাৰ পৰা তেওঁলোকৰ সন্তানৰ দীর্ঘ জীৱন আৰু পৰিয়ালৰ শান্তি-সমৃদ্ধিৰ আশিস লাভ কৰে।