June 26, 2026 7:28 PM

views 14

চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্রাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন মন্ত্ৰী চৰণ বড়োৰ

পৰিবহন মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্রাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে এতিয়াৰে পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীর্ণ নহ'লে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি-নির্দেশনা প্রকাশ কৰিব বুলি তেওঁ কয়। অন্য জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে...