August 20, 2024 11:50 AM

views 37

থাইলেণ্ডৰ ৰাষ্ট্রদূতৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ভ্ৰমণ

ভাৰতস্থিত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটঙে কালি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ভ্ৰমণ কৰে। কালি বিয়লি চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা থাইলেণ্ডৰ ভাৰতস্থিত ৰাষ্ট্রদূতগৰাকীক ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ হৈ সঞ্চালক ড০ দীপিৰেখা কুলী, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আদৰণি জনায়। ইয়াৰ পাছতে থাই ৰাষ্ট্ৰদূতগৰাকীয়ে মৈদাম অঞ্চল আৰু সংগ্ৰহালয় প্ৰত্যক্ষ কৰে।