February 15, 2025 11:53 AM

views 23

এডভাণ্টেজ আছামৰ প্ৰস্তুতি সন্দৰ্ভত মূল আয়োজক গোটৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামলৈ বিনিয়োগকাৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত কালি মূল আয়োজক গোটৰ সৈতে এখন পর্যালোচনাৰ বৈঠকত মিলিত হয়। ড০ শর্মাই লগতে কালি সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় আৰু এই ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ...