April 5, 2025 11:47 AM

views 33

আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ভাৰতৰ শ্বুটাৰ চেইন সিঙৰ প্ৰথমটো পদক অৰ্জন

আই এছ এছ এফ বিশ্বকাপত এছিয়ান গেমছৰ পদক বিজয়ী শ্বুটাৰ চেইন সিঙে কালি আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী শাখাত খেলুৱৈগৰাকীয়ে ৪৪৩.৭ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে । প্রতিযোগীতাত হাংগেৰীৰ ইষ্টভান পেনিয়ে ৪৬১ পইণ্টেৰে সোণৰ পদক লাভ কৰে আৰু চীনৰ টিয়ান জিয়ামিঙে ৪৫৮.৮ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে দুবাৰৰ অলিম্পিক পদক বিজয়ী ঐশ্বৰী প্ৰতাপ সিং টোমাৰ, নিৰাজ কুমাৰ আৰু ৰিঅ' অলিম্পিয়ান চেইনে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।