August 13, 2026 8:47 PM

views 5

লোকপিয়ল ২০২৭ৰ দায়িত্বত নিয়োজিত শিক্ষকক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্তৰ পত্ৰ প্ৰেৰণ

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন বিভাগে লোকপিয়ল ২০২৭ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পর্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ আয়ুক্তই লোকপিয়লৰ দায়িত্বত নিয়োজিত কিছু সংখ্যক শিক্ষকক বদলিৰ বিষয়ে সাধাৰণ প্ৰশাসন বিভাগক অৱগত কৰাৰ পাছতেই বিভাগে বিদ্যালয় শিক্ষা বিভাগলৈ এই নির্দেশ প্রদান কৰে।