June 4, 2026 7:38 PM
11
নলবাৰী জিলাত ২০২৭ চনৰ লোক পিয়লৰ শুভংকৰ “বিকাশ” আৰু “প্রগতি” উন্মোচন
২০২৭ চনৰ লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোক পিয়লৰ শুভংকৰ "বিকাশ” আৰু “প্রগতি” উন্মোচন কৰা হয়। জিলা আযুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে। ইফালে পৰহিৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্রাপ্ত বিষয়া, ৰাজহ চক্র বিষয়া, নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষযা, খণ্ড উন্নয়ন বিষয়া তথা ক্ষেত্র পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্রশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ড° নিজৰা শৰ্মা আৰু প্রধান প্রশিক্ষক অর্পন দেবন...