June 27, 2024 7:56 PM

views 70

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবেশ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবেশ পৰীক্ষাত হোৱা অনিয়ম সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বিহাৰৰ পাৰ্টনাৰ পৰা অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। চি বি আয়ে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ গোটক সাক্ষাৎ কৰি অলপতে তদন্ত আৰম্ভ কৰিছিল৷

June 21, 2024 1:04 PM

views 58

২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত চি বি আইৰ গোচৰ ৰুজু

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ১২০-খ আৰু ৪২০ ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে । চি বি আয়ে প্ৰকাশ কৰা মতে অভিযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা সংকেটৰ ভিত্তিত পৰীক্ষাৰ সততাৰ সৈতে আপোচ কৰা হৈছে যেন প্ৰতীত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা ১৮ জুনত দেশৰ বিভিন্ন চহৰত এই প...

June 18, 2024 6:48 PM

views 77

ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে চি বি আইৰ হাতত দায়িত্ব অৰ্পণৰ বাবে মমতা বেনাৰ্জীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্রযোগে আহ্বান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আই আই টি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহেমদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে বিষয়টোৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক পত্রযোগে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই জৰুৰীভাৱে প্ৰেৰণ কৰা পত্ৰখনত ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ ফৰেনচিক প্রতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কথা উল্লেখ কৰি প্ৰয়াত আহমেদৰ পিতৃ-মাতৃক ন্যায় প্ৰদানৰ নিশ্চিতিৰ বাবে এ...

June 8, 2024 1:43 PM

views 58

লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চি বি আইৰ চূড়ান্ত অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত প্ৰাক্তন ৰে'লমন্ত্ৰী লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা আন কেইবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগ নামাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰাৰ বাবে ৬ জুলাই তাৰিখ নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৪ অক্টোবৰত আদালতে এই গোচৰত প্ৰাক্তন ৰে'ল মন্ত্ৰী লালুপ্রসাদ যাদৱ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ৰাবৰি দেৱী আৰু আন কেইবাগৰাকী ব্যক্তিৰ জামিন মঞ্জুৰ কৰিছিল। আন এটা গোচ...

May 11, 2024 12:34 PM

views 58

ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰত ৪ অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে ৰাছিয়ান সেনা বাহিনীত যুঁজাৰুৰ ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰৰ ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। চি বি আইয়ে কৈছে যে, দেশজুৰি এয়া মানৱ সৰবৰাহৰ ঘটনাৰ এখন বৃহৎ জাল, যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে বহিঃ দেশত চাকৰিৰ প্রলোভন দিয়া হয়। এই ঘটনাৰ সৈতে জড়িত ৪জন অভিযুক্তৰ দুজন কেৰালা আৰু আন দুজন মুম্বাইৰ বুলি জানিব পৰা গৈছে। সংস্থাটোৱে জনোৱা মতে এই সৰবৰাহকাৰী সকলে সামাজিক মাধ্যম আৰু স্থানীয় এজেণ্টৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াত উচ্চ দৰমহা প...