April 15, 2025 2:37 PM

views 33

ডিজিটেল এৰেষ্টৰ গোচৰত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক চিবিআইৰ আটক

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ডিজিটেল এৰেষ্টৰ গোচৰত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক আটক কৰিছে। অপাৰেচন চক্ৰ-ফাইভৰ অধীনত চি বি আয়ে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু ৰাজস্থানৰ ১২ টা স্থানত অভিযান চলোৱাৰ অন্তত এই লোক কেইজনক আটক কৰে। চি বি আয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ ঝনঝুনুৰ ছাইবাৰ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোত চাইবাৰ অপৰাধীকেইজনে নিজকে বিভিন্ন আইন বলৱৎকাৰী সংস্থাৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰি এজন লোকক তিনিমাহ ধৰি ডিজিটেলি নজৰবন্দী কৰি ৰাখিছিল বুলি...