April 14, 2025 7:25 PM

views 25

গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধকক চি বি আইয়ে গ্ৰেপ্তাৰ কৰে

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা-চি বি আইয়ে আজি গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত মহানগৰীৰ এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধক পুষ্পজিৎ পুৰকায়স্থ আৰু সন্দীপ গুপ্তাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। চিবিআইয়ে প্ৰকাশ কৰা অনুসৰি পুৰকায়স্থই ডি বি ষ্টকৰ হৈ অধিক ধন ঘূৰাই দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক বিনিয়োগৰ বাবে আকৰ্ষিত কৰি অবৈধভাৱে ধন উপাৰ্জন কৰিছিল। পুৰকায়স্থই মুম্বাই আৰু গুৱাহাটীৰ একাংশ বিনিয়োগকাৰীক আকৰ্ষিত কৰি এই অসাধু কাৰ্য চলাই আহিছিল। একেদৰে ডি বি...