February 4, 2025 12:09 PM

views 22

ছিৰিয়াত গাড়ী বোমা বিস্ফোৰণত ২০গৰাকী লোকৰ মৃত্যু

ছিৰিয়াত কালি এটা গাড়ী বোমা বিস্ফোৰণত কমেও ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। নিহতসকলৰ সৰহ সংখ্যকেই মহিলা। মনবিজ অঞ্চলত হোৱা বিস্ফোৰণটোত আন ১৫গৰাকী যুৱতী-মহিলাও আহত হয়। আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি প্রশাসনে প্রকাশ কৰিছে। এইটো হৈছে মনবিজ অঞ্চলত শেহতীয়া তিনিটা দিনত সংঘটিত দ্বিতীয়টো এনে গাড়ী বোমা আক্রমণৰ ঘটনা। এতিয়ালৈ কোনো সন্ত্রাসবাদী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।