May 22, 2024 8:40 PM

views 44

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশত প্ৰচাৰ

দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে ভাষণত উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজেপিৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে, বিজেপিয়ে প্রথম পাঁচটা পৰ্যায়ৰ ন...