December 22, 2025 12:03 PM

views 29

কাছাৰ আৰক্ষীৰ অভিযানত ৫১৯ গ্রাম হেৰ’ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় প্রতিদিনে আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ৫১৯ গ্রাম হেৰ'ইনসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে লোককেইজনক জেৰা অব্যাহত ৰাখিছে।