June 20, 2024 12:18 PM

views 30

কেন্দ্ৰীয় কেবিনেটত ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিকে ধৰি ৫টা গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ১৪বিধ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি, মহাৰাষ্ট্ৰৰ ৱধাৱন বন্দৰ বিকশাই তোলা আৰু গুজৰাট আৰু তামিলনাডুত সমুদ্র তীৰৰ সমীপত প্ৰথম পৱন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে লগতে বাৰানসী বিমান বন্দৰৰ উন্নয়ন আৰু ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি উন্নয়নৰ হকেও সিদ্ধান্ত গ্রহণ কৰিছে। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কেবিনেট বৈঠকত পাঁচটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে কেবিনেটে ২০২৪-২৫ বিপণ...