October 29, 2026 12:03 PM

views 16

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ কথা চৰকাৰে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে কেন্দ্ৰৰ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেন্সনাৰ উপকৃত হ'ব। কেন্দ্রীয় কেবিনেটে কালি কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটৰ এই সিদ্ধান্তৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া ভাট্টা ৬৩ শতাংশলৈ বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ১০ হাজাৰ কোটি টকা অতিৰিক্তভাৱে ব্যয় হ'ব। উল্লেখযোগ্য য...