October 12, 2025 11:37 AM

views 40

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেলত চীনৰ খিতাপ দখল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেল খেলত কালি ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন ছেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিণ্টন ফেডাৰেছন অৱ ইণ্ডিয়াৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছেম্পিয়ন দল চীনক বঁটা প্ৰদান কৰে।