June 3, 2025 12:52 PM

views 39

ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিৰ ভগ্নৱাশেষ প্রায় এক কোটি ৭৮ লাখ ভক্তৰ পৰিদৰ্শন

ভাৰতৰ পৰা ভিয়েটনামলৈ পঠিওৱা ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তিৰ ভগ্নৱাশেষ প্রায় এক কোটি ৭৮ লাখ ভক্তই পৰিদৰ্শন কৰিছে। সংস্কৃতি মন্ত্ৰালয়ে কৈছে যে ভক্তসকলৰ এই পবিত্ৰ ভ্ৰমণে দেশখনৰ দক্ষিণৰ পৰা উত্তৰলৈ বিভিন্ন দর্শনীয় স্থান সামৰি লৈছে। বুদ্ধ অনুগামী আৰু আধ্যাত্মিক সাধকসকলে বুদ্ধৰ প্ৰতি জনোৱা এই শ্ৰদ্ধাৰ জৰিয়তে সাংস্কৃতিক ঐক্যৰ পৰিচয় দিছে। সংস্কৃতি মন্ত্ৰ্যালয়ে কৈছে যে এই শ্রদ্ধাৰ দৃষ্টিভংগীয়ে ৰাষ্ট্ৰীয় একতা আৰু শান্তিৰ বাৰ্তাও বহন কৰিছে।