September 15, 2025 11:44 AM

views 171

বিটিআৰত শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ইউ পি পি এলৰ মুৰব্বী প্রমোদ বড়ো, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে কালি চিৰাং জিলাৰ পদ্মপুৰত কাজলগাঁও পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী জিতেন নাৰ্জাৰীৰ সমৰ্থনত...