August 11, 2026 8:07 PM

views 14

২২ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে বৃক্ষ বন্ধু অভিযানৰ অধীনত চাৰি দিনত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ২২ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যখনত সেউজ আৱৰণ সৃষ্টিৰ বাবে সকলোকে বৃক্ষ বন্ধু হ'বলৈ আহ্বান জনায়।