August 2, 2026 8:21 PM
15
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সোমবাৰৰ পৰা ব্রিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ৰ মুৰব্বীসকলৰ দুদিনীয়া বৈঠক
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিকছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতে অধ্যক্ষ কৰিব। সহযোগিতা আৰু স্থায়িত্ব, উদ্ভাবন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি এই বৈঠক আয়োজিত হৈছে। ব্রাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্রিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্রিকছ যুটীয়া পাৰিসংখ্যিক প্ৰণয়ন, পাৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিন...