July 27, 2025 8:50 PM

views 75

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মকৰ্তা তথা মন্ত্ৰী-বিধায়কৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ শ্ৰৱণ কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিৰ বুথসমূহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ডিব্ৰুগড়ৰ ১৫৮ নম্বৰ বুথত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মন কী বাত শ্ৰৱণ কৰে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ধেমাজিৰ নিমাতীচুক হৰিমন্দিৰ প্ৰাংগণত জনসাধাৰণৰ সৈতে মন কী বাতৰ আজিৰ খণ্ডটো শুনি আপ্লুত হোৱা বুলি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কাজিৰঙাত তৃণভূমি চৰাইৰ জৰীপত ৪৩টা প্ৰজাতিৰ বিশেষ পক্ষীৰ তথ্য লাভ কৰাৰ বিষয়টো প্ৰকাশ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰি ...