December 12, 2025 8:06 PM

views 31

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত ৭৫ বিঘা ভূমি দখলমুক্ত জিলা প্ৰশাসনৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত আজি জিলা প্ৰশাসনে ৭৫ বিঘা ভূমি দখলমুক্ত কৰি চাৰিওপিনে কাঁইটীয়া তাঁৰৰ বেৰ দিয়ে। উল্লেখযোগ্য যে বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰক আৱণ্টন দিয়া এই ভূমিত ৬টা পৰিয়ালে ২০১৩ চনৰ পৰাই বসবাস কৰি আহিছিল। আজি বঙাইগাঁও জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত জিলা প্রশাসনে অঞ্চলটোত উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰে।