January 9, 2026 12:11 PM

views 64

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি; বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণ, ভোগালী মেলাৰ আয়োজন

ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী-বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্ৰস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰে পৰা তিনি দিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্...