October 18, 2026 11:20 AM

views 3

ভাৰতীয় ন্যায় সংহিতাৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ প্ৰথম স্থান

ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছ সফলতাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমে প্রথম স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় অপৰাধ আৰু অপৰাধ চোৰাংচোৱা ব্যৱস্থা চমুকৈ এন চি এল আই ডেচবোৰ্ডৰ তথ্যৰ উদ্ধৃতি দি এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে আইন বলবৎ কৰাৰ দিশত ক্ষীপ্র আৰু শক্তিশালী পদক্ষেপ লোৱাৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দিশত গুৰুত...