June 14, 2025 7:57 PM

views 72

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এইবাৰৰ ৰক্তদাতা দিৱসৰ বাণী হ'ল তেজ দিয়ক, আশা দিয়ক, সকলোৱে মিলি জীৱন ৰক্ষা কৰক। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পালন কৰা বিশ্ব ৰক্তদাতা দিৱসত কুৰিগৰাকী লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান কৰাসকলৰ ভিতৰত সৰ্বাধিক ৩১ বাৰ ৰক্তদান কৰা দাতাও আছিল। ৰক্তদাতা দিৱস সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ডাঃ বিভূতি ভূঞাই সকলো সুস্থ লোককে ৰক্তদান কৰিবলৈ আহ্বান...

June 14, 2024 6:16 PM

views 81

আজি বিশ্ব ৰক্তদাতা দিৱস

আজি বিশ্ব ৰক্তদাতা দিৱস। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰক্তদান হৈছে মানুহৰ জীৱনৰ অন্যতম শ্রেষ্ঠ মহাত দান। এই দানে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়েহে তেওঁ ৰক্তদানৰ ইতিবাচক দিশসমূহ প্ৰচাৰ কৰি সমাজলৈ শুভবাৰ্তা প্ৰৰেণ কৰিবলৈ আহ্বান জনায়। ইফালে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে আয়োজন কৰা ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ পূৰ্বে ম...