May 30, 2025 10:14 AM

views 26

অপাৰেচন সিন্দূৰক তৃণমূল কংগ্ৰেছে আওকাণ কৰাৰ অভিযোগ বিজেপিৰ

তৃণমূল কংগ্ৰেছে অপাৰেচন সিন্দূৰক আওকাণ কৰা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত দলটোৰ মুখপাত্র শ্বেহজাদ পুনাৱালাই অপাৰেচন সিন্দূৰ সন্দৰ্ভত পশ্চিমবংগৰ মন্ত্ৰী উদয়ন গুহই কৰা মন্তব্যক গৰিহণা দিয়ে। তৃণমূল কংগ্ৰেছে ভাৰতীয় সেনা আৰু দেশবাসীক অপমান কৰা বুলি তেওঁ অভিযোগ কৰে। পশ্চিমবংগৰ মন্ত্ৰীগৰাকীৰ মন্তব্যক লজ্জাজনক বুলি অভিহিত কৰি শ্ৰী পুনাৱালাই কয় যে, অপাৰেচন সিন্দূৰৰ বাবে আজি সমগ্র দেশে ভাৰতীয় সেনালৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে।