November 2, 2026 10:52 AM
4
দেশজুৰি বিজেপিৰ পদযাত্ৰা কাৰ্যসূচী
বিৰোধী পক্ষই শাসকীয় বিজেপিক নির্বাচনী প্রক্রিয়াত অসাধু উপায় অৱলম্বন বা ভোট চুৰি কৰাকে ধৰি বিভিন্ন অভিযোগ সাব্যস্ত কৰাৰ প্ৰতিবাদত বিজেপিয়ে দেশজুৰি কালি পদযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিমলাত কালি এই কার্যসূচীত অংশ লয়। তেওঁ কয়, যে বিৰোধী পক্ষই প্রমাণ অবিহনে শাসকীয় দলক ভোট চুৰিৰ অভিযোগ তোলা বিষয়টোৰ সমালোচনা কৰিছে। ড° শৰ্মাই কয়, যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বাৰে বাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে যদিও ইয়াৰ সমৰ্থনত প্ৰমাণ দিব...