February 16, 2025 11:22 AM

views 29

দিল্লীত আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদৰ বিজেপিত যোগদান

দিল্লীত কালি আম আদমী পাৰ্টীৰ তিনিগৰাকী পাৰিষদে বিজেপিত যোগদান কৰে। ইয়াৰ লগে লগে বিজেপি দিল্লী পৌৰ নিগমত একক সংখ্যা গৰিষ্ঠ দলৰূপে পৰিগণিত হয়। দিল্লী পৌৰ নিগমৰ মেয়ৰৰ বাবে অহা এপ্ৰিলত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা। উল্লেখযোগ্য যে আম আদমী পাৰ্টীয়ে ২০২৪ চনৰ নৱেম্বৰত অনুষ্ঠিত মেয়ৰৰ নিৰ্বাচনত তিনিটা ভোটত জয়লাভ কৰিছিল।