June 17, 2026 1:59 PM

views 25

গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা ২০ জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস

অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা ২০ জুনত কলাগুৰু বিষ্ণুৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়িলৈ ২০২৬ বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, অৰণ্য মানৱ পদ্মশ্রী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্রী ডাঃ ৰণোজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ড° ভৱেন্দ্র নাথ ডেকা প্রমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব বুলি উদ্যোক্...