August 7, 2026 7:12 PM

views 5

বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ তেৱাৰীপালত থকা জটায়ু পক্ষীগৃহত পক্ষী মুকলি

বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ তেৱাৰীপালত থকা জটায়ু পক্ষীগৃহত থকা পাঁচটাকৈ বগা পিঠিয়া আৰু লাহী ঠুটীয়া শগুণকে ধৰি মুঠ ১০ টা দুষ্প্রাপ্য শগুণ মুকলি আকাশলৈ এৰি দিয়ে। জৈৱ বৈচিত্ৰ্যৰ বাবে অপৰিহাৰ্য এই শগুণবোৰক প্ৰজনন প্ৰক্ৰিয়াৰ পাছত প্রাকৃতিক পৰিৱেশত মুকলি কৰি দিয়াৰ পূৰ্বে ৰাণীত থকা শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা আনি পৰিৱেশৰ সৈতে খাপ খুৱাই ল'বৰ বাবে ছফ্ট ৰিলিজ চেণ্টাৰত ৰখা হৈছিল। মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে শগুণৰ বিলুপ্তিয়ে জৈৱ বৈচিত্ৰত প্ৰভাৱ পেলাই...