March 23, 2025 12:08 PM

views 48

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কালি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ছুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো নিৰ্বাচন হ'বলগীয়া ১৯টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীসকলে ভোটদাতাক আকর্ষিত কৰিবলৈ বিভিন্ন ধৰণে...

December 19, 2024 7:26 PM

views 72

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ সাংসদ বিজুলী কলিতা মেধিৰ

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আজি নতুন দিল্লীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰে’লসেৱাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। ৰে'লমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এখন স্মাৰকপত্ৰত সাংসদগৰাকীয়ে গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে নিউ গুৱাহাটীত থকা ভাৰতীয় খাদ্য নিগমৰ গুদামৰ ভূমি অধিগ্ৰহণৰ সম্ভাৱনীয়তা বিচাৰ কৰিবলৈ ৰে'লমন্ত্ৰীক অনুৰোধ জনায়। গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা ৰে’লগাড়ীসমূহ ঘূৰিপকি যোৱা পথৰ পৰিৱৰ্তে হ্ৰস্বতম পথেৰে চলাচল কৰা, গুৱাহাটী আৰু ডি...