April 16, 2024 6:03 PM

views 92

কোনেও সংবিধান সলনি কৰিব নোৱাৰে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে সংবিধানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা চেষ্টা চলাইছে। বিহাৰৰ গয়াৰ গান্ধী ময়দানত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে বিজেপিয়ে সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাই আছে। কোনেও সংবিধান সলনি কৰিব নোৱাৰে বুলি শ্ৰী মোদীয়ে আশ্বাস দিয়ে। তেওঁ কয় যে বিজেপিয়ে ৰাষ্ট্ৰীয় সংবিধান দিৱস পালনৰ পৰম্পৰা...