February 26, 2025 8:50 PM

views 69

নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৭ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছে। ৰাজ্যপাল আফি মহম্মদ খানে আজি পাটনাৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত বিজেপিৰ ৭ গৰাকী বিধায়কক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য কৰোৱায়। শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত সঞ্জয় চৰাৱগি, কৃষ্ণ কুমাৰ মন্টু, ড০ সুনিল কুমাৰ, মতিলাল প্ৰসাদ, ৰাজু কুমাৰ সিং, বিজয় কুমাৰ মণ্ডল আৰু জীবেশ কুমাৰ আছে৷ আজিৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত নীতিশ কুমাৰ মন্ত্ৰীসভাত সদস্যৰ সংখ্যা মুখ্যমন্ত্রীসহ ৩৬ লৈ বৃদ্ধি পালে। ইয়াৰ পূ...