August 12, 2024 6:01 PM

views 36

বিহাৰৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত এটা দুৰ্ঘটনাত ৭ জন তীর্থযাত্ৰীৰ মৃত্যুৰ লগতে ১৬ জন আহত

বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ ৭ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬ জন তীর্থযাত্রী আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্রায় ১ বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীর্থযাত্ৰীৰ মাজত কোনো প্ৰসংগ লৈ সংঘটিত বিবাদৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে মন্দিৰটো অতি ঠেক স্থানত থকা বাবেই ভিৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। পৱিত্ৰ শাওণ মাহৰ সোমবাৰে মখডামপুৰৰ বনোৱাৰ পাহাৰত অৱস্থিত ভগৱান শিৱৰ মূৰ্তিত জলাভিষেক ...

July 9, 2024 7:36 PM

views 32

বিহাৰৰ বেগুচৰাইত হোৱা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত

বিহাৰৰ বেগুচৰাই জিলাৰ এফ চি আই আৰক্ষী থানাৰ অধীনৰ ৰতন চ’ক চহৰৰ সমীপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত হয় আৰু অন্য চাৰিজন আহত হয়। এখন মটৰ গাড়ীয়ে অট'ৰিক্সাত খুন্দা মৰাৰ ফলতে এই ঘটনাটো ঘটে। দুর্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অট'ৰিক্সাৰ যাত্ৰী আছিল ৷ দুৰ্ঘটনাত আহত চাৰিওজন লোকক বেগুচৰাইৰ এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

April 30, 2024 6:48 PM

views 45

বিহাৰৰ ভাগলপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোক নিহত

বিহাৰৰ ভাগলপুৰ জিলাৰ ঘোঘা আৰক্ষী চকীৰ অন্তৰ্গত আমাপুৰ গাঁৱত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোকে প্ৰাণ হেৰুৱাইছে। ভাগলপুৰ জিলাৰ জিলা দণ্ডাধীশ ড° নৱল কিশোৰ চৌধুৰীয়ে জানিবলৈ দিয়া মেত, যোৱানিশা ৮০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই বিয়াৰ গাড়ীৰ ওপৰত পৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মৃত লোককেইজন বিবাহ অনুষ্ঠানত ভাগ ল'বলৈ গৈছিল।