April 20, 2025 10:25 AM

views 19

যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ পৰিদর্শন

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে কালি অসম ভ্ৰমণ কৰি ভাৰতমালা প্রকল্পৰ অধীনত যোগীঘোপাত নির্মীয়মান আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টি ম’ডেল ল’জিষ্টিক পার্ক পৰিদর্শন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ভূটানৰ ৰজাগৰাকীক আদৰণি জনায়। ভাৰতমালা প্রকল্পৰ অধীনত নির্মীয়মান পার্কখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। পথ, ৰে'লপথ, বিমান আৰু জলপথৰ সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে পার্কখন নিৰ্মাণ কৰি আছে। ব্ৰহ্মপুত্ৰ উপকূলত ৩১৭ একৰ ভূমি সামৰা এই...

December 5, 2024 12:55 PM

views 19

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুকৰ ভাৰত ভ্ৰমণ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুক আৰু ৰাণী জেতচুন পেমা বাংছুক আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্রমণকালত ভূটানৰ ৰজাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। বিদেশমন্ত্ৰী ড° এছ জয়শংকৰ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অভ্যাগত ৰজাগৰাকীক দেখা কৰিব। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য সম্পৰ্ক আছে আৰু পাৰস্পৰিক বুজাপৰা আৰু বিশ্বাস এই সম্পৰ্কৰ মূল বৈশিষ্ট। এই ভ্রমণে দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশৰ পৰ্যালোচনা চলাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।