February 3, 2025 12:15 PM

views 24

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ সামৰণি

ভূপাল সাহিত্য আৰু কলা মহোৎসৱৰ কালি সামৰণি পৰে। সামৰণী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ সচিব সঞ্জয় জাজুৱে অংশগ্ৰহণ কৰে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্রীজাজুৱে যুৱ প্ৰজন্মক পঢ়া-শুনাৰ লগতে সৃষ্টিমূলক কার্যত নিজকে অধিক ব্যস্ত কৰি ৰখাৰ বাবে আহ্বান জনায়। সামৰণী অনুষ্ঠানত এই মহোৎসৱৰ অন্যতম আয়োজক ৰাঘৱ চন্দ্ৰাই মানৱীয় প্ৰমূল্য স্থাপন কৰাৰ বাবে আৰু অশান্ত পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ বাবে সাহিত্য আৰু ৰচনাত্মক কার্যকলাপত গুৰুত্ব প্ৰদান কৰে।