January 15, 2026 7:35 PM

views 62

পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী বিহু পালনৰ লগতে থলুৱা খেল-ধেমালিৰ আয়োজন

পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধৰ্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। মাঘৰ প্ৰথম দিন উপলক্ষে আজি নামনি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিশেষ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ নেহৰুবালিত কালিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ১১৩ সংখ্যক ভোগালী বিহু উৎসৱৰ সৈতে সংগতি ...

January 15, 2026 9:50 AM

views 87

আজি পহিলা মাঘ, ৰাজ্যৰ বিভিন্ন ধর্মীয় স্থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম, বৰপেটাত আজি মাঘ বিহু

আজি পহিলা মাঘ। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰকে ধৰি ধৰ্মীয় স্থানসমূহত ভক্তপ্রাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ভোগালী বিহুৰ অন্তিম দিন হিচাপে পালন কৰা হৈছে। ভোগৰ উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালিৰো আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্ষে কাবাডী, ৰছি টনা, দৌৰ, টেকেলি ভঙা, মিঠাতেল সানি কলগছত উঠাৰ দৰে প্ৰীতিমূলক খেল-ধেমালিৰ আয়োজন কৰা হয়। গোৱালপাৰাৰ ৰাভা অধ্যুষিত অঞ্চলসমূহকে ধৰি দুধনৈ, কৃষ্ণাই, ধূপধৰা আদি সকলোতে ভোগৰ উৎসৱ উপলক্ষে আনন্দ...

January 14, 2025 10:43 AM

views 159

সমগ্ৰ ৰাজ্যত ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। নামনি অসমৰ বৰপেটাৰ লগতে কো...

January 13, 2025 4:55 PM

views 69

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...

January 13, 2025 4:33 PM

views 80

আজি ভোগালী বিহুৰ উৰুকা

অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘবিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ-ভাত খোৱাৰ দিহা কৰিছে। গ্রাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ-ভাতৰ প্রস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্রিটৰ মজিয়াত একেলগে এসাঁজ খোৱাৰ বাবে প্রস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক ২ ঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কর্তৃ...

January 11, 2025 1:32 PM

views 125

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি, ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত মাথো ২টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লখিমপুৰ, বৰুৱাবিল আদি স্থানীয় মীনমহল আৰু মীন উৎপাদকসকল সাজু হৈছে। বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন ...